মেঘালয়ৰ পাছত এইবাৰ শিৱসাগৰত নাগালেণ্ড সীমান্তত উত্তেজনা।
অসমীয়াৰ দোকান পোহাৰত নগাৰ বু’লডজাৰ, প্ৰশাসনৰ অভিযানক লৈ তীব্ৰ উত্তেজনা।
নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে কেইবাখনো হোটেল, দোকান।
ঔগুৰিজানত পুৱাই এক্সকেভেটৰেৰে ভাঙিলে দোকান-পোহাৰ।
অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ চলা এই অভিযানক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।
দোকান-পোহাৰসমূহত সুৰাৰ অবাধ প্ৰচলন চলাৰ অভিযোগ নাগালেণ্ডৰ।
চুবুৰীয়া ৰাজ্যৰ সকীয়নিৰ বিপৰীতে নিৰ্বিকাৰ আছিল নাজিৰা মহকুমা প্ৰশাসন। দুদিন পূৰ্বে নাজিৰা প্ৰশাসনক নস্যাৎ কৰি নাগিনীমৰা প্ৰশাসনে দিছিল সকীয়নি।
বুধবাৰে পুৱাই অকৰ্তৃত্বশীলভাৱে নগা প্ৰশাসনৰ অতৰ্কিত উচ্ছেদ অভিযান চলায় ঔগুৰিজানত।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিহুবৰৰ ঔগুৰিজান নিজৰ বুলি দাবী কৰি আহিছে নাগালেণ্ডে।









