মেঘালয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ সীমান্তৰ সংঘাতৰ ঘটনাক লৈ NIA অথবা CBIৰ তদন্তৰ দাবী…

অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ মেঘালয় চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুলীচালনাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি ২৪ নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে ঘটনাৰ তদন্ত NIA বা CBIৰ দ্বাৰা কৰাৰ আহ্বান জনোৱা, কেন্দ্ৰীয় সংস্থাই গোচৰটো গ্ৰহণ নকৰালৈকে কাণ্ডৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত বিষয়টো উত্থাপন কৰা। আয়োগক দাখিল কৰিব ঘটনাৰ প্ৰতিবেদন।

৩০ নৱেম্বৰলৈকে স্থগিত মেঘালয়ৰ সকলো চৰকাৰী কাৰ্যসূচী। মেঘালয়ত আয়োজিত সকলো উৎসৱ-পাৰ্বণ বাতিলৰ সিদ্ধান্ত কেবিনেটৰ।

সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠনত কেবিনেটৰ অনুমোদন।

আজি মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসহ কেইবাজনো মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ঘটনাস্থলী।

ঘটনাত নিহত আত্মীয়লৈ চৰকাৰে প্ৰদান কৰিব অৰ্থ সাহায্য।

উল্লেখ্য যে, ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহক লৈ অসম বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত বাকবিতণ্ডাৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু ঘটনাত নিহত হৈছিল ৬জনকৈ লোক।