অসমঅসমীয়া

মেখেলা-চাদৰ পিন্ধি সংবাদ মাধ্যমৰ সন্মুখত মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান, ক’লে আলু পিটিকা, ভোট জলকীয়াৰ কথাও…

নিউজ ডেস্ক। বন্ধু তথা অসম সন্তান শান্তনু হাজৰিকাৰ সৈতে প্ৰথমবাৰলৈ অসমৰ মাটিত ভৰি থৈ উৎফুল্লিত হৈ পৰিল বলীউড তথা দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান।

খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰঙালী অনুষ্ঠানত ভাগ ল’বলৈ গুৱাহাটীত উপস্থিত হোৱা শ্ৰুতি হাছানে শনিবাৰে অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে সাংবাদিকৰ মুখামুখি হয়।

p5 3

অসমীয়া ভাষা, সংস্কৃতিয়ে আকৰ্ষিত কৰা বুলি মন্তব্য কৰি শ্ৰুতি হাছানে বন্ধু শান্তনু হাজৰিকাৰ পৰা শিকা ‘কি হ’ল, কি খবৰ’ৰ দৰে দুই এটা অসমীয়া ভাষাও কয় আৰু অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা যাঁচে।

অসমখন ইমান ধুনীয়া হোৱা স্বত্বেও কিয় গানৰ ভিডিঅ’ শ্বুটিং নহয় বুলিও আক্ষেপ ব্যক্ত কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

p7 1

অসমৰ থলুৱা খাদ্য যেনে আলু পিটিকা, ভোট জলকীয়া খাই ভাল পোৱা বুলিও শ্ৰুতি হাছানে কয় সাংবাদিকৰ সন্মুখত।

p6 5

শান্তনু হাজৰিকাৰ মাতৃয়ে উপহাৰ দিয়া ক’লা ৰঙৰ মেখেলা চাদৰ পিন্ধি সাংবাদিকৰ মুখামুখি হোৱা শ্ৰুতি হাছানে ভৱিষ্যতে সুযোগ পালে অসমীয়া ছবিত অভিনয় কৰাৰ লগতে উত্তৰ-পূবৰ ৰক সংগীতত কণ্ঠদান কৰাৰ আগ্ৰহ ব্যক্ত কৰে।

উল্লেখ্য যে নিজৰ ইনষ্টাগ্ৰাম একাউন্টতাে গুৱাহাটীৰ ভ্ৰমণৰ মুহূৰ্ত শ্বেয়াৰ কৰিছে শ্ৰুতি হাছানে।

p9 1

আনহাতে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে শান্তুনু হাজৰিকাৰ সৈতে সম্পৰ্কলৈ অহা শ্ৰুতি হাছান সন্দৰ্ভত ডুডল আৰ্টিষ্ট শান্তনুৱে কয়, ‘শ্ৰুতি এগৰাকী বহু প্রতিভা সম্পন্ন শিল্পী। যিকোনো বিষয় তেওঁ খুব সুন্দৰ আৰু মসৃণভাৱে উপস্থাপন কৰিব পাৰে। মূলতঃ মই কৰা ছবিৰ প্ৰতি আকৰ্ষিত হোৱাৰ মাজেৰেই আমাৰ চিনাকি হৈছিল।’

Leave a Reply

Your email address will not be published. Required fields are marked *