অসম

গুৱাহাটী বিমান বন্দৰত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীক মূল্যবৃদ্ধি সন্দৰ্ভত জবাবদিহি কৰিলে কংগ্রেছ নেত্ৰীয়ে…

গুৱাহাটী বিমান বন্দৰত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীক মূল্যবৃদ্ধি সন্দৰ্ভত জবাবদিহি কৰিলে কংগ্রেছ নেত্ৰীয়ে।

ইয়াকে লৈ ছ’চিয়েল মিডিয়াত চলিছে সৰৱ চৰ্চা।

গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়তে বিমানৰ ভিতৰত মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

দিল্লীৰ পৰা উৰা মৰা বিমানখনে গুৱাহাটীত অৱতৰণ কৰাৰ পাছতে বিমানৰ ভিতৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পেট্ৰ’ৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰশ্ন কৰে।

একেখন বিমানতে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল কংগ্ৰেছৰ মহিলা শাখাৰ কাৰ্যবাহক অধ্যক্ষ নীতা ডি’ছুজা আৰু স্মৃতি ইৰাণী।

যেতিয়া বিমানৰ পৰা নামিবলৈ ধৰে তেতিয়াই নীতা ডি’ছুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰিবলৈ ধৰে।

ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰণাৰ ভেকচিন, ৰেচন সামগ্ৰীৰ ওপৰত মন্তব্য ৰাখে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃৃশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *