অসমঅসমীয়া

এতিয়া ৪টা ‘H’ৰে চলি আছে চৰকাৰ, হিন্দী, হিমন্ত আৰু….

নিউজ ডেস্ক। মূল সমস্যাৰ পৰা ফালৰি কাটি এতিয়া ৪টা ‘এইছ’ (H)ৰে চলি আছে চৰকাৰ।

-এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰ চলি থকা এইছ কেইটা হৈছে- হিন্দী, হিমন্ত, হিন্দুত্ব আৰু হিন্দু।

425

মূল্যবৃদ্ধিৰ সমস্যা, গুৱাহাটীত খোৱাপানীৰ সমস্যা আদিৰ দৰে সমস্যাৰ পৰা চৰকাৰে ফালৰি কাটি পলাই ফুৰিছে বুলি সমালোচনা কৰে ভূপেন বৰাই।

সমগ্ৰ দেশতে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক যন্ত্ৰণাত পেলোৱাৰ সময়ত এতিয়া চৰকাৰে হিন্দী বিতৰ্কৰ সূচনা কৰা বুলিও সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী।

445 1

আনহাতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নাই বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে এতিয়া গুৱাহাটীবাসীয়ে খোৱাপানীৰ সমস্যা সমাধান কৰাটো বিচাৰে।

সেইবাবেই কংগ্ৰেছক ভোট দিব।

লগতে চাওকঃ

এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

G3 1 1

Leave a Reply

Your email address will not be published. Required fields are marked *