অসমঅসমীয়া

মৃত ছাগলী ভক্ষণ কৰি দুষ্প্ৰাপ্য প্ৰজাতিৰ ৩৫ টা শগুনৰ মৃত্যু

নিউজ ডেস্ক। প্ৰকৃতিৰ জমাদাৰ হিচাপে পৰিচিত ৩৫ টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনৰ খাদ্যৰ বিষক্ৰিয়াৰ ফলত মৃত্যু।

এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ অন্তৰ্গত নামদাং বনাঞ্চলৰ নতুন ভৰালী বননি গাঁও।

G3 10

জানিব পৰা মতে, শনিবাৰে দুপৰীয়া কুকুৰে নিধন কৰা এটা মৃত ছাগলীৰ গৰাকীয়ে বিহ ঢালি পেলাই থৈছিল।

ইয়াৰ পিছতে সেই ঠাইত এজাক শগুন উপস্থিত হৈ ছাগলী ভক্ষণ কৰে।

ইয়াৰ পিছতে খাদ্যৰ বিষক্ৰিয়াৰ ফলত ৩৫ টা শগুনে সেই ঠাইতে কৰুণভাৱে মৃত্যুক সাবটি লয়।

ঘটনাৰ খবৰ লাভ কৰি, জীৱন অৱস্থাত থকা আঠটা শগুনক সংকটজনক অৱস্থাত ৰাইজৰ লগতে বিভাগীয় কর্তৃপক্ষই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গুৰুতৰভাৱে আহত শগুনকেইটাক ততাতৈয়াকৈ বন বিভাগৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পাছতে মৃত শগুনকেইটা নামদাং বনাঞ্চলতে বিভাগীয় কর্তৃপক্ষৰ উপস্থিতিত দাহ কৰা হয়।

শগুনৰ এনে কৰুণ মৃত্যুত অঞ্চলটোৰ প্রকৃতিপ্রেমী লোকসকলে গভীৰ দুখ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *