অসমঅসমীয়া

বিৰোধী শূণ্য হোৱাৰ বাবেই প্ৰশ্নৰ অভাৱ ঘটিছে সাংবাদিকৰঃ ৰামেশ্বৰ তেলী

নিউজ ডেস্ক। অসম বিধানসভা বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া অভাৱ ঘটিছে সাংবাদিকৰ প্ৰশ্নৰো।

– মাৰ্ঘেৰিটাত পৌৰ সভা নিৰ্বাচনৰ খবৰ ল’বলৈ আহি এইদৰে মন্তব্য কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

G4 5

মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেল পথাৰত উপস্থিত হোৱা ডিব্ৰুগড় সমষ্টিৰ বিজেপি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দাবী কৰে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পৌৰ সভাই গঠন কৰিব বিজেপিয়ে।

তেলীয়ে লগতে কয় যে বৰ্তমান বিৰোধী ইমানেই দুৰ্বল হৈ পৰিছে যে সমৰ্থকৰ অভাৱত পৌৰ সভাৰ নিৰ্বাচনত বহু অঞ্চলত প্ৰচাৰ চলাবলৈকে সক্ষম নহ’ল।

বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া সাংবাদিকৰো প্ৰশ্নৰ অভাৱ ঘটিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মাৰ্ঘেৰিটাতো ৩০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহন। য’ত ইভিএম মেচিনত বন্দী হয় মুঠ ২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মাৰ্ঘেৰিটাত ভোটদানৰ হাৰ আছিল ৬৩.৮৭ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *