অসমঅসমীয়া

এনকাউন্টাৰত গুলীবিদ্ধ হৈ চিকিৎসাধীন কুখ্যাত ডকাইতৰ পলায়ন!

নিউজ ডেস্ক। অসম আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন অৱস্থাত থকা এটা কুখ্যাত ডকাইতৰ চিকিৎসালয়ৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন।

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত।

জানিব পৰা মতে, আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈ অসম মেডিকেল কলেজ (এ এম চি)ত চিকিৎসাধীন হৈ আছিল কুখ্যাত ডকাইত বিকাশ কুৰ্মী ওৰফে অৰুণ কুৰ্মী।

G2 10

কেইবাটাও ডকাইতি, বাইক চুৰিৰ সৈতে জড়িত বিকাশ কুৰ্মীক ১২ ফেব্ৰুৱাৰীৰ নিশা মৰাণ থানাৰ অন্তৰ্গত ২নং কাছমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

এই অভিযানৰ সময়তে আৰক্ষী গুলীত আহত হৈছিল এই অপৰাধীটাে।

বাওঁভৰিত গুলীবিদ্ধ এই ডকাইতটােক তৎকালে এ এম চিত ভৰ্তি কৰােৱা হৈছিল। কিন্তু দেওবাৰে চিকিৎসালয়ৰ পৰাই পুনৰ পলায়ন কৰে এই ডকাইতটাে।

অৱশ্যে আৰক্ষীয়ে চিকিৎসালয়ৰ সমীপতে পুনৰ আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে পূর্বে চাৰিবাৰ জে’ললৈ যোৱা দুৰ্ধৰ্ষ অপৰাধীটোৰ বিৰুদ্ধে মৰাণ থানাত ৬টা, মৰাণহাট আৰু ডিমৌত ক্ৰমে এটা আৰু তিনিটা গোচৰ পঞ্জীয়নভুক্ত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *