নিউজ ডেস্কঃ স্বাধীন অসম বিচাৰি অৰণ্য যাত্ৰা কৰি জীৱনটোকে হেৰুৱাবলগীয়া হ’ল আন এজন চফল যুৱকে! কিন্তু এই মৃত্যুক স্বাধীন অসমৰ হকে দিয়া আত্ম বলিদান বুলি নিশ্চয় ক’ব নোৱাৰি। কাৰণ এয়া এক মৃত্যুদণ্ড! আলফা স্বাধীনে অৰণ্যৰ মাজত এজন অসমীয়া যুৱকক বিহা মৃত্যুদণ্ড এয়া!
ছাইফুল ইছলাম ওৰফে ৰিহণ অসম। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাউৰাৰতলৰ এই চফল অসমীয়া যুৱকজনেও এদিন দেখিছিল স্বাধীন অসমৰ সপোন। পৰেশ বৰুৱা পন্থী আলফাই দেখুৱাই দিয়া বাটেৰে খোজ লৈ আন বহু অৰণ্যগামী অসমীয়াৰ দৰেই এখন সোণৰ অসম গঢ়িব বিচাৰিছিল ছাইফুলেও।
কিন্তু এয়া যে অলিক সপোন, সেয়া হয়তো কম দিনৰ ভিতৰতে জানিব পাৰিছিল ছাইফুল ওৰফে ৰিহণ অসমে। কিন্তু তেতিয়ালৈকে যেন বহু পলম হৈ গৈছিল তেওঁৰ বাবে। আপোন পৰিয়াল, আপোন মানুহবোৰৰ পৰা আঁতৰি সংগ্ৰামৰ বাটেৰে খোজ কাঢ়ি হয়তো ভাগৰি পৰিছিল ছাইফুল। সেয়ে পুনৰ ঘৰলৈ উভতি আহিব বিচাৰিছিল অসমীয়া যুৱকজনে।
২৮ জুলাই, ২০২২। ছাইফুল ইছলাম ওৰফে ৰিহণ অসমে প্ৰথম প্ৰচেষ্টা চলায় ঘৰলৈ উভতি অহাৰ। আলফা স্বাধীনৰ চলমান শিৱিৰৰ পৰা সংগোপনে তেওঁ গুচি অহাৰ পণ লয়। কিন্তু তেওঁ সফল নহ’ল। পিছদিনাই আলফাৰ টহলদাৰী গোটে আটক কৰে ছাইফুলক।

সেইবাৰ পলায়নৰ দৰে গুৰুতৰ অপৰাধ দ্বিতীয়বাৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হয় ৰিহণ অসমে। পুনৰ স্বাধীন অসমৰ হকে তেওঁ দেহত শেষটোপাল তেজ থকা পৰ্যন্ত যুঁজ দিবলৈ বাধ্য কৰোৱা হয়।
কিন্তু ছাইফুলৰ মন যেন এই অৰণ্য আৰু স্বাধীন অসমৰ সপোন দেখা মানুহবোৰৰ মিছা আদৰ্শৰ প্ৰতি থকা তিক্ততাৰে ভৰি পৰিছিল। সেয়ে বাৰে বাৰে তেওঁ সুযোগ বিচাৰিছিল সংগ্ৰাম এৰি জীৱনৰ প্ৰকৃত সোৱাদ ল’বলৈ।
২৩ আগষ্ট, ২০২২ত সেই সুযোগ দ্বিতীয়বাৰৰ বাবে লাভ কৰিছিল ছাইফুলে। আলফাৰ এটা চলমান শিৱিৰৰ পৰা আন এটা শিৱিৰলৈ যোৱাৰ পৰত বাটত নিশা পাৰ কৰাৰ সময়ত সতীৰ্থৰ টোপনিৰ সুযোগ লৈ পুনৰ পলায়ন কৰে ছাইফুলে। কিন্তু সেইবাৰো পুনৰ ধৰা পৰে আলফাৰ টহলদাৰী গোটৰ হাতত।
তেওঁক বন্দী কৰি লৈ যোৱাৰ সময়ত পিছদিনা পুনৰ পাহাৰৰ পৰা নিজৰাত জপিয়াই তৃতীয়বাৰৰ বাবে পলায়নৰ চেষ্টা চলায় ছাইফুলে। কিন্তু দুৰ্ভাগ্যই যেন লগ এৰাই নাছিল ছাইফুলৰ। এটা স্বাধীন জীৱন যাপনৰ আশাত বাৰে বাৰে আলফাৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা কৰা ছাইফুল ওৰফে ৰিহণ অসমক ২৫ আগষ্টত পুনৰ আটক কৰে আলফা স্বাধীনৰ কেডাৰে।
একেটা ভুল তিনিবাৰকৈ কৰি আলফা স্বাধীনৰ ৰোষত পৰা ছাইফুলৰ দোষ এইবাৰ ক্ষমা কৰা নহ’ল। আলফাৰ সংবিধান অনুসৰি তেওঁক মৃত্যুদণ্ড বিহাৰ ঘোষণা কৰা হয়। স্বাধীন অসমৰ সপোন দেখি অৰণ্যত খোজ থোৱা এজন অসমীয়া যুৱকৰ জীৱনৰ স্বাধীনতা এনেদৰেই কাঢ়ি লৈ গ’ল আলফা স্বাধীনে।
এয়া খোদ ছাইফুলৰ স্বীকাৰোক্তি। শেহতীয়াকৈ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত এনেদৰে নিজৰ ভুলৰ কথা স্বীকাৰ কৰিছে ছাইফুল ইছলাম ওৰফে ৰিহণ অসমে। অৱশ্যেই কেমেৰাৰ সন্মুখত আন কোনোৱে লিখি দিয়া ষ্ক্ৰীপ্ট পঢ়ি নিজৰ অক্ষমণীয় ভুলৰ কথা স্বীকাৰ কৰে অসমীয়া যুৱকজনে।
উল্লেখ্য যে, আলফাৰ নীতি-নিয়ম ভংগৰ অপৰাধত অসমীয়া যুৱকক মৃত্যুদণ্ড বিহাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কেইবাজনো অসমীয়াক একেদৰেই মৃত্যুদণ্ড বিহি সংবাদ মাধ্যমলৈ ‘লিখিত ষ্ক্ৰীপ্ট’ পঢ়ি দোষ স্বীকাৰ কৰাৰ ভিডিঅ’ প্ৰেৰণ কৰিছে আলফা স্বাধীনে।
‘আমি অসম আৰু অসমীয়াৰ হকে যুঁজিছো’ বুলি সদম্ভে কোৱা পৰেশপন্থী আলফা স্বাধীনে এনেদৰে অসমীয়া যুৱক-যুৱতীকে মৃত্যুদণ্ড বিহাৰ ঘটনাই সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে।









