অসমঅসমীয়া

অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয় এজন নাই! কিয় ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই?

নিউজ ডেস্ক। অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয় এজন নাই।-

পুনৰ এবাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকা।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অখিল গগৈক ক্ষুৰধাৰ সমালোচনা বিজেপি মন্ত্ৰীগৰাকীৰ।

5

উল্লেখ্য যে, সদ্য সম্পন্ন হোৱা পৌৰসভা নিৰ্বাচনত পুনৰ এবাৰ জয়ৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় বিজেপি। অখিল গগৈৰ সমষ্টি শিৱসাগৰৰ পৌৰ সভাতো এইবাৰ উৰিল বিজেপিৰ বিজয় ধ্বজা। তাৰ পিছতে বিধায়ক অখিল গগৈয়ে অভিযোগ কৰিছিল বিজেপিয়ে ধন বল, বাহু বল দেখুৱাই জয়ী হোৱাৰ।

অখিল গগৈৰ এই অভিযোগ সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয় এজন নাই।

3 2

কাৰাগাৰত বন্দী হৈ থকা সময়তো যিটো সমষ্টিৰ ৰাইজে তেওঁক ভোট দি জয়ী কৰাইছিল, সেই সমষ্টিৰ ৰাইজকে এতিয়া মদ-টকাৰ বিনিময়ত ভোট দিয়াৰ অভিযোগ কৰিছে অখিল গগৈয়ে। নিজৰ সমষ্টিবাসীৰ বিষয়ে ইমান বেয়াকৈ কোৱাৰ দুঃসাহস অকল অকৃতজ্ঞ মানুহেৰে কৰিব পাৰে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

আনহাতে যি সময়ত অখিল গগৈয়ে জয়লাভ কৰিছিল, সেই সময়ত তেৱোঁ মদ-মাংস-টকা বিলাইছিল নেকি বুলি উভতাই প্ৰশ্ন কৰে পীযুষ হাজৰিকাই।

অসমৰ লগতে সমগ্ৰ ভাৰতত কংগ্ৰেছৰ বিধ্বস্ত অৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে যেও পূৰ্বে কোনা ৯৮-৯৯ শতাংশ কথাই এতিয়া সঁচা হৈছে। ৰাইজৰ প্ৰতি কংগ্ৰেছৰ নেতাৰ কোনো আস্থা নাই বাবেই কংগ্ৰেছৰ এনে দুৰৱস্থা ঘটিছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰীজনে কয় যে কংগ্ৰেছে মানুহৰ প্ৰতি যি আস্থাহীনতা প্ৰদৰ্শন কৰিছিল, তাৰ পোতক আজি ৰাইজে তুলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *