অসম

মৃত ব্যক্তিক জীৱিত সজাই ভয়ংকৰ ভূমি কেলেংকাৰী! লাট মণ্ডল, অধিবক্তাসহ ৫ জনক গ্ৰেপ্তাৰ…

নিউজ ডেস্ক। মৃতকক জীৱিত সজাই ভয়ংকৰ ভূমি কেলেংকাৰী।

পলাশবাৰীত লাটমণ্ডল, অধিবক্তাসহ ৫ জনক গ্ৰেপ্তাৰ।

বুধবাৰে পলাশবাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ দুজনৈ লাট মণ্ডলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ভূমি কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিল এই দুই লাট মণ্ডল।

693

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাশবাৰী ৰাজহ চক্রৰ লাট মণ্ডল সত্য চৰণ দত্ত আৰু পাৰ্লী হুদুমপুৰ লাটৰ মণ্ডল সুভাষ শৰ্মা।

আনহাতে গ্ৰেপ্তাৰ হৈছে ভূ-মাফিয়া তপন মালী।

ইয়াৰ উপৰিও এই কেলেংকাৰীৰ সন্দৰ্ভত আৰক্ষীয়ে আন এজন নটাৰী আৰু এজন অধিবক্তাকো গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱাৰ নটাৰী বিষয়া গৰাকী হৈছে অৰুণিমা ভাগৱতী।

কেলেংকাৰীৰে জড়িত অধিবক্তা পিংকি বৰুৱাকো আৰক্ষীয়ে সোধো-পোছাৰ বাবে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দুই লাট মণ্ডলে ২০১৫ চনত মৃত্যু হোৱা বলেন চন্দ্ৰ বৰুৱা আৰু ২০১৭ চনত মৃত্যু হোৱা হৰনাথ দাসক জীৱিত সজাই ভূ-মাফিয়া তপন মালিক গটাই দিছিল বৃহৎ ভূমি।

লগতে চাওকঃ

আধৰুৱা হৈ ৰ’ল স্বাৱলম্বী হােৱাৰ সপােন! ৰে’লৰ চেপাত প্ৰাণ গ’ল মেধাবী ছাত্ৰী শেৱালীৰ…

G1 9

Leave a Reply

Your email address will not be published. Required fields are marked *