মূৰত নাছিল হেলমেট! ৰে’লপথত বাইক চলাই ষ্টাণ্ট কৰিলে ৩ যুৱকে, ভিডিঅ’ ভাইৰেল হােৱাৰ পাছত আলহী হ’ল ৰঙাঘৰৰ…

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ বুলন্দচহৰত ৰেলপথত বাইক ষ্টাণ্ট কৰি আৰক্ষীৰ লক আপত সোমাব লগা হ’ল এজন নাবালক সহ আন দুগৰাকী যুৱক।

সোমবাৰে তিনিজন যুৱকে এখন বাইকেৰে ৰেলপথত ষ্টাণ্ট প্ৰদৰ্শন কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ব‍্যাপক ৰূপত ভাইৰেল হৈ পৰিছিল।

G3 1
মূৰত নাছিল হেলমেট! ৰে’লপথত বাইক চলাই ষ্টাণ্ট কৰিলে ৩ যুৱকে, ভিডিঅ’ ভাইৰেল হােৱাৰ পাছত আলহী হ’ল ৰঙাঘৰৰ... 2

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত বিষয়টো গুৰুত্বসহকাৰে লৈ অভিযুক্ত কেইজনক চিনাক্ত কৰে আৰু তিনিওজনকে গ্ৰেপ্তাৰ কৰে।

লগতে, যান বাহন আইনৰ অধীনত অভিযুক্ত কেইগৰাকীৰ বাইক জব্দ কৰে।

ভাইৰেল ভিডিঅ’টো আৰক্ষী মহলৰ বিষয়াসকলৰ দৃষ্টিগোচৰ হােৱাৰ পিছত শীৰ্ষ আৰক্ষী মহলে চোলা আৰক্ষী থানাক গোচৰটোৰ অভিযুক্ত কেইজনক তৎক্ষণাৎ চিনাক্ত কৰিবলৈ আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

তদন্তৰ পিছত আৰক্ষীয়ে বৈৰাৰ বাসিন্দা সুমিত আৰু তালিব তথা তেওঁলোকৰ এজন নাবালক সহযোগীক চিনাক্ত কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ ঘৰত তালাচী চলায় আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে লগতে তেওঁলোকৰ বাইক জব্দ কৰে।