অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে, মন্ত্ৰী সঞ্জয় কিষাণে আগবঢ়ালে চেক…

অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে দুৰ্ভগীয়া মইনা নায়কে।

লেপেটকটা চাহ বাগিচাৰ কৰ্তৃপক্ষই মইনা নায়কক দিলে ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ এখন চেক।

GMCH ত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে চেক খন।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছে মইনা নায়ক। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কলঘৰত কৰ্তব্যৰত অৱস্থাতে গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হৈছিল মইনা নায়ক।

image 75
অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে, মন্ত্ৰী সঞ্জয় কিষাণে আগবঢ়ালে চেক... 2

বৰ্তমান কিছু পৰিমানে সুস্থ হৈ উঠিছে মইনা নায়ক। হাস্পতালৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িছে মইনাই।

ইফালে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ইতিবাচক আখ্যা মন্ত্ৰী সঞ্জয় কিষাণৰ। 

চৰকাৰ আৰু চাহ মজদুৰ সন্থা, ট্ৰেড ইউনিয়নৰ আলোচনা মৰ্মে হৈছিল মজুৰি বৃদ্ধিৰ সিদ্ধান্ত। 

সেই অনুসৰি ২৩২ টকালৈ বৃদ্ধি হ’ল ইয়াৰ পৰিমাণ।