মূল্যবৃদ্ধি ৰােধত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰঃ বিধায়ক ভৰত নৰহ

নিউজ ডেস্ক। অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰৰ চােকা সমালােচনা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ।

সাংবাদিকৰ সৈতে হােৱা এক সাক্ষাৎতকাৰ ভৰত নৰহে কয় যে মূল্যবৃদ্ধি ৰােধৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰ।

তেওঁ কয় যে মূল সমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ বিজেপি দলে অপপ্ৰচাৰৰ আশ্ৰয় লৈছে।

তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিব বুলি অপপ্ৰচাৰ চলােৱা হৈছে।

বিজেপি দলে এই অপপ্ৰচাৰ চলাই কংগ্ৰেছ দলতাে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

তেওঁ কয় যে ১৯৯৫ চনত তদানিন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত মিচিং স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল।

তেওঁ অভিযােগ কৰে যে মিচিং জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে গঠন হোৱা পৰিষদখনত কেইজনমান ব্যক্তিৰ বাহিৰে ৰাইজৰ উন্নতি হোৱা নাই।

Leave a Comment