প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত মৃত্যু তিথি বিভ্ৰাট

নিউজ ডেস্ক। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ আৰু স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ পূব গােৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক এ কে ৰছীদ আলমৰ উদ্যােগত জিলাখনৰ ভালুকডুবিস্থিত বালিজানা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ চৌহদত স্থাপন কৰা হ’ল পূৰ্ণাৱয়ব মূৰ্তি।

FESu-Ny0-VUAQn-DJq

সােমবাৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সুযােগ্য সন্তান তথা সাংসদ গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে এই প্ৰতিমূৰ্তি উন্মােচন কৰে।

কিন্তু উন্মােচনৰ পাছতে পােহৰলৈ আহে মূৰ্তিটােৰ সৈতে সংলগ্ন তথ্য ফলকৰ বিভ্ৰাট, যাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

G2

উল্লেখ্য যে উক্ত ফলকত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু তিথি ৩੦ নৱেম্বৰ ২੦২੦ বুলি উল্লেখ কৰা হৈছে। কিন্তু প্ৰকৃততে যােৱা বছৰৰ ২৩ নৱেম্বৰ তাৰিখেহে পৰলােকপ্ৰাপ্তি ঘটিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

ইয়াকে লৈ একাংশ লােকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

Leave a Comment