ৰাষ্ট্ৰীয়

মুছলমান মহিলাৰ বাবে হিজাবতকৈ শিক্ষা অধিক জৰুৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা হিজাব বিতৰ্কক লৈ পুনৰ এবাৰ মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে মুম্বাইত প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পিছতে হিজাব বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই বিতৰ্ক ভিত্তিহীন বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান মহিলা সকলৰ বাবে হিজাবতকৈ শিক্ষা অধিক জৰুৰী। সেয়ে হিজাবক লৈ বিতৰ্ক কৰাৰ কোনো যুক্তি নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘হিজাবক লৈ বিতৰ্ক অৰ্থহীন। মুছলিম মহিলাৰ বাবে শিক্ষাহে অধিক গুৰুত্বপূৰ্ণ, হিজাব নহয়। শিক্ষা প্ৰদানৰ নামত হিজাবক লৈ চলা বিতৰ্কৰ কোনো মূল্য নাই।’

তেওঁ লগতে কয়, ‘কোৰাণ শ্বৰীফ পঢ়িলেও পোৱা যায় যে হিজাবতকৈ শিক্ষাত বেছি গুৰুত্ব দিয়া হৈছে। এতিয়া প্ৰশ্নটো হৈছে হিজাব জৰুৰী নে শিক্ষা?’

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত সূত্ৰপাত ঘটা হিজাব বিতৰ্কক নিৰ্বাচনী ইছ্যু হিচাপে টানি আনি কংগ্রেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল। তেওঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অভিযোগ উত্থাপন কৰিছিল যে কংগ্ৰেছে মুছলমান যুৱতী সকলক হিজাবৰ মাজত আৱদ্ধ কৰি শিক্ষা আৰু অন্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে আৰু সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *