অসম

সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন অৰুণাচলত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান বিশ্বজিত নৰহৰ

টীয়কত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন অৰুণাচলত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱান বিশ্বজিত নৰহৰ

বুধবাৰে টীয়কৰ নিজা বাসগৃহত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হল অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত পতিত হৈ শ্বহীদ হোৱা ভাৰতীয় জোৱান বিশ্বজিত নৰহৰ।

বুধবাৰে পুৱা শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চেনীজান ৰামপুৰ ভকত গাঁৱৰ ঘৰলৈ অনাৰ পিছতে এক শোকাকূল পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। অসংখ্য লোক শ্বহীদ জোৱান জনৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

দেশমাতৃৰ স্বাৰ্থত সেৱা আগবঢ়াই শ্বহীদ হ’ল বিশ্বজিৎ নৰহ, যি গ’ল তাৰ পিছত আৰু জীৱন্তে ঘুৰি নাহিল

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল ৬ গৰাকী ভাৰতীয় সেনা জোৱানে। শ্বহীদ সকলৰ এজন আছিল অসমৰ সুসন্তান বিশ্বজিত নৰহও।

image 1

ভাৰতীয় সেনাৰ অৰুণাচল স্কোৱাডৰ লেন্সনায়ক বিশ্বজিত নৰহে ২০১২ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল। ৩০ বছৰীয়া জোৱানগৰাকীয়ে মৃত্যুৰ সময়ত এটি ডেৰ বছৰীয়া সন্তান, পত্নীসহ অনেক আত্মীয়ক এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *