মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা…

কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।

প্ৰতি বছৰে ২ডিচেম্বৰ অৰ্থাৎ অসম দিৱসৰ দিয়া প্ৰদান কৰা হব এই বটাঁসমূহ।

ভাৰত ৰত্ন বটাঁ প্ৰদান অনুষ্ঠানৰ দৰে অনুষ্ঠিত হব এই অনুষ্ঠান।

প্ৰতিবছৰে ১৯গৰাকী ব্যক্তিক প্ৰদান কৰা হব এই বটাঁসমূহ।

এইবাৰৰ বঁটাসমূহ অহাবৰ্ষত ২৪জানুৱাৰীত প্ৰদান কৰা হ’ব।

সৰ্বোচ্ছ সন্মান ‘অসম বৈভৱ’-অসমৰ ৰাজ্যিক গছ হলং গছৰ পাতৰ ওপৰত জাপিৰে এই বঁটাতো তৈয়াৰ কৰা হৈছে। অসম বৈভৱ বঁটাত ৫ লাখ টকা থাকিব আৰু সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

দ্বিতীয় অসামৰিক বঁটা ‘অসম সৌৰভ’-প্ৰত্যেক বছৰে তিনিগৰাকী লোকক দিয়া হ’ব এই বঁটা। অসমৰ শৰাই খনক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৪ লাখ টকা দিয়া হ’ব পুৰস্কাৰ হিচাপে। লগতে বছৰি ৩ লাখ টকালৈ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

তৃতীয়টো বঁটা-‘অসম গৌৰৱ’-অসমৰ সত্ৰীয়া সংস্কৃতিক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৩ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। লগতে বছৰি ৩ লাখ টকালৈ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

বঁটা প্ৰাপক সকলক সকলো চৰকাৰী অনুষ্ঠান তে নিমন্ত্ৰণ কৰা হ’ব আৰু তেওঁলোকে অসম ভৱনত বিনামূলীয়া কৈ থাকিব পাৰিব।

অসম বৈভৱ বটাঁ এই বৰ্ষত বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ আগবঢ়োৱা হৈছে। অসমবাসীৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা তেওঁক আগবঢ়োৱা হ’ব।

২০২১ বৰ্ষৰ অসম সৌৰভ বঁটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপ্ত লাভলীনা বৰগোহাঁই আৰু চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ লগতে মুঠ ৫ গৰাকীক প্ৰদান কৰা হৈছে অসম সৌৰভ বঁটা।

এই বঁটা লাভ কৰা আন ব্যক্তিসকল ক্ৰমে প্ৰফেচাৰ কমলেন্দু দেৱ কৌৰি, এন এইচ এমৰ সঞ্চালক ডঃ লক্ষ্মণম এছ, প্ৰফেচাৰ ডঃ দীপক চাং জৈন।

আনহাতে ২০২১ বৰ্ষৰ ‘অসম গৌৰৱ’ বঁটা লাভ কৰিছে ১৫জন বিশিষ্ট লোকে।

মুনীন্দ্ৰ নাথ নাটে, Director of health & family welfare, কভিডৰ সময়ত বহুখিনি অৱদান আছেড.

বসন্ত হাজৰিকা, প্ৰফেচাৰ GMCH

শ্ৰী আকাশ জ্যোতি গগৈ, যোৰহাটত বাহুবলি কণী উৎপাদনৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসমৰ পথ পদৰ্শক।

শ্ৰী মনোজ কুমাৰ বসুমতাৰী, উত্তৰ পূৱৰ গাহৰী ব্যৱসায়ী।

শ্ৰী খৰছিং টেৰন,মাউন্ট এভাৰেষ্ট আৰোহনকাৰী।

শ্ৰী মতী ববী হাজৰিকা, তিনিচুকীয়াৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্যা। লকডাউনৰ সময়ত স্বাৱলম্বী অসমৰ হকে কাম কৰি পথ পদৰ্শক হৈছিল।

শ্ৰী হেমপ্ৰভা চুতীয়া, হস্ততাঁত শিল্প।

শ্ৰী মতী নমিতা কলিতা, অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ ANM , এক লাখ ব্যক্তিক তেওঁ নিজে ভেকচিন দিছে।

বনিতা মমিন, আশা কৰ্মী।

শ্ৰী ধৰণীধৰ বড়ো, কাজিৰঙাৰ সৌন্দৰ্য বৰ্ধনৰ ইতিহাসৰ লগত জড়িত।

শ্ৰী কৌশিক বৰুৱা, কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে।

শ্ৰী মতী কল্পনা বড়ো, ওদালগুড়িৰ অঙ্গনাবাড়ী কৰ্মী।

ড. আছিফ ইকবাল, বি বৰুৱা কেঞ্চাৰ হাস্পতালত ব্ৰ’ণ মেৰু ট্ৰাঞ্চপ্ৰান্টৰ জৰিয়তে ৰাইজক সহায় কৰিছে।

Leave a Comment