এতিয়াৰ পৰা পৌৰ নিগমৰ নিৰ্বাচনত ব্যৱহাৰ হ’ব EVM…

বেলট পেপাৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হ’ব।

শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে।

কেবিনেটে লোৱা আন গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত সমূহ হৈছে—

অসম শক্তি বিতৰক কোম্পানী লিমিটেডলৈ দিয়া ঋণ আৰু অনুদান ৰাজ্য চৰকাৰৰ অংশলৈ পৰিৱর্তন কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে৷

চৰাইদেউ মেডিকেল কলেজৰ বাবে ৫৫৭ কোটি টকা, বিশ্বনাথ মেডিকেল কলেজৰ বাবে ৫৮৪.৮২ কোটি টকা নাবার্ডৰ পৰা লোৱাৰ সিদ্ধান্ত।

এতিয়াৰে পৰা সমবায় সমিতিসমূহে একে স্থানতে পঞ্জীয়ন কৰাৰ ব্যৱস্থাতো অনুমোদন।

ভাৰতত কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ ধৰাৰ পৰাৰ পিছতে অসম চৰকাৰে ইয়াক প্ৰতিৰোধ কৰাৰ বাবে অতি শীঘ্ৰে নতুন এছ অ’ পি প্ৰকাশ কৰিব বুলি জনায়।

Leave a Comment