অসম

সাৱধান! আহি আছে ঘূৰ্ণীবতাহ ‘জৱাদ’, অসমতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা…

সাৱধান, আহি আছে ঘূৰ্ণীবতাহ ‘জৱাদ’।

বংগোপ সাগৰত ২৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ‘জৱাদ’ ধুমুহাৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বঞ্চলৰ ৰাজ্যসমূহতো।

যাৰ ফলত ৪ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ধাৰাসাৰ বৰষুণৰ ফলত হাড় কঁপোৱা জাৰ আৰম্ভ হ’ব অসমত।

এই আগজাননী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞানীয়ে জানিব দিয়া মতে অহা ৫ ডিচেম্বৰত অসম, মেঘালয়,  নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু স্থানত ধাৰাসাৰ বৰষুণ অহাৰ উপৰি ৭ ডিচেম্বৰলৈ অসমৰ বিভিন্ন স্থানত হ’ব বৰষুণ।

ইতিমধ্যেই ‘জৱাদ’ সাগৰীয় ধুমুহাৰ ফলত ওড়িশা, অন্ধপ্ৰদেশৰ বিভিন্ন ঠাইত বৰষুণ আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *