মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিতৰ

নিউজ ডেস্কঃ শিলচৰৰ এগৰাকী দিব্যাংগ চিত্ৰশিল্পীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিক শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰোৱাই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰী আৰু অভিজিতৰ সৈতে উপস্থিত থাকে অভিজিতৰ মাতৃ ললিতা গট্টানিও।

photo1658481513
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিতৰ 4

নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীক নিজ হাতেৰে অঁকা এখন আটকধুনীয়া ছবি উপহাৰ দিয়ে চিত্ৰশিল্পী অভিজিত গট্টানীয়ে। প্ৰধানমন্ত্ৰী মোডীৰ ভিন্ন সময়ৰ ভিন্ন মুহূৰ্তক তুলিকাত তুলি ধৰা অভিজিতৰ এই পেইণ্টিংখন গ্ৰহণ কৰি কেইবাবাৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

photo1658481519
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিতৰ 5

উল্লেখ্য যে, শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিত গট্টানিয়ে সৰুৰে পৰাই বিশিষ্ট ব্যক্তিসকলৰ চিত্ৰ অংকন কৰি আহিছে। বি.কম উত্তীৰ্ণ অভিজিতে যোৱা ৭ জুনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিছিল তেওঁৰ এখন ছবি।

সেই সময়তে মুখ্যমন্ত্ৰীয়ে শৰ্মাই এবাৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে অভিজিত সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

photo1658481526
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিতৰ 6

কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান সোনকালে নিজৰ প্ৰতিশ্ৰুতি পুৰণ কৰাত আনন্দত অভিভূত হৈ পৰে অভিজিত আৰু তেওঁৰ মাতৃ ললিতা গট্টানী। মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰণিধানযোগ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে অভিজিতক সাক্ষাৎ কৰাই দিয়াৰ বাবেই এদিন পূৰ্বে নতুন দিল্লীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ এই বিশেষ মুহূৰ্তৰ বিষয়ে টুইটযোগে প্ৰকাশ কৰে।

1 thought on “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিজে অঁকা পেইণ্টিং উপহাৰ শিলচৰৰ দিব্যাংগ চিত্ৰশিল্পী অভিজিতৰ”

Comments are closed.