ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ্ৰাসৰ বাবে অসম আৰু ভাৰত চৰকাৰৰ সৈতে কথা পাতিব প্ৰমোদ বড়োৱে…

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ বাহাল ৰখাক লৈ অসন্তুষ্ট বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ।

ৰঞ্জন দৈমাৰীৰ শাস্তি হ্ৰাস সম্পৰ্কে অসম আৰু ভাৰত চৰকাৰৰ লগত কথা পাতিব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।

বিটিআৰৰ শান্তি প্ৰক্ৰিয়াত ৰঞ্জন দৈমাৰীয়ে সহযোগ আগবঢ়াইছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে দৈমাৰীয়ে সমাজৰ মাজত থাকি সমাজৰ হকে কাম কৰা উচিত।

উল্লেখ্য যে, মঙলবাৰে শুনানিৰ অন্তত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।