মুখ্যমন্ত্ৰীক অনুসৰণ কৰি বান পৰিদৰ্শনৰ বাবে বাইকত উঠিল জলসম্পদ মন্ত্ৰী, তাৰ মাজতে ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ কৰিমগঞ্জত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈ বাইকৰ পৰা পৰিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।

বাইকৰ পিচৰ চিটত উঠি বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈ থকাৰ সময়তে এটা বোকাময় পথত পিচল খাই পৰে বাইকখন।

photo1658404078
মুখ্যমন্ত্ৰীক অনুসৰণ কৰি বান পৰিদৰ্শনৰ বাবে বাইকত উঠিল জলসম্পদ মন্ত্ৰী, তাৰ মাজতে ঘটিল এই ঘটনা… 5

অৱশ্যে সৰু দুৰ্ঘটনাটোত কোনো ধৰণৰ আঘাত পােৱা নাই মন্ত্ৰীগৰাকীয়ে।

photo1658404097
মুখ্যমন্ত্ৰীক অনুসৰণ কৰি বান পৰিদৰ্শনৰ বাবে বাইকত উঠিল জলসম্পদ মন্ত্ৰী, তাৰ মাজতে ঘটিল এই ঘটনা… 6

ইফালে বাইকৰ পৰা পৰাৰ পিছত সাংবাদিকৰে বাৰ্তালাপ কৰি পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীয়ে যদি একঁকাল পানীত নামি বান পৰিস্থিতিৰ বুজ ল’ব পাৰে, তেন্তে তেওঁলোকে বাইকৰ পৰা সামান্যভাৱে পিচলি পৰাটো কোনো ডাঙৰ কথা নহয়।

photo1658404230
মুখ্যমন্ত্ৰীক অনুসৰণ কৰি বান পৰিদৰ্শনৰ বাবে বাইকত উঠিল জলসম্পদ মন্ত্ৰী, তাৰ মাজতে ঘটিল এই ঘটনা… 7

মন্ত্ৰী পীযুষ হাজৰিকাই বৃহস্পতিবাৰে কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰত শিংলা নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰিবলৈ বাইকেৰে গৈ থকাৰ সময়তে সংঘটিত হয় এই অঘটন।

লগতে চাওকঃ

মেট্ৰ’ ৰে’লত ৰীল ভিডিঅ’ বনাই বিপদত যুৱতী, ৰুজু হ’ল গােচৰ…

G9 1
মুখ্যমন্ত্ৰীক অনুসৰণ কৰি বান পৰিদৰ্শনৰ বাবে বাইকত উঠিল জলসম্পদ মন্ত্ৰী, তাৰ মাজতে ঘটিল এই ঘটনা… 8