আলফা (স্বাঃ)ৰ সদস্যৰে যােগাযােগ, যোগদানৰ চেষ্টা চলাই আটক যুৱক…

পুনৰ আলফা(স্বাঃ)ত যোগদানৰ সন্দেহত আটক এগৰাকী যুৱক।

আলফাৰ সৈতে লিংক থকা অভিযোগত এইবাৰ গোলাঘাটৰ বগীজানৰ পৰা এজন যুৱকক আটক কৰিছে অসম আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম প্ৰকাশ গগৈ।

অভিযোগ অনুসৰি ফেচবুক মেচেঞ্জাৰত দুটা একাউণ্টৰ সৈতে কথা বাৰ্তা পাতিছিল প্ৰকাশে।

426
আলফা (স্বাঃ)ৰ সদস্যৰে যােগাযােগ, যোগদানৰ চেষ্টা চলাই আটক যুৱক... 2

‘জুই অসম আৰু ‘অসমীয়া ডেকা’ একাউণ্ট দুটাৰে কথা পতাৰ অভিযোগ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যুৱকজনক।

প্ৰকাশৰ মাতৃয়ে জানিবলৈ দিয়া মতে আৰক্ষীয়ে ঘৰৰ পৰা লৈ যায় প্ৰকাশক।

উল্লেখ যে শেহতীয়াকৈ আৰক্ষীৰ কণিষ্টবলৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল যদিও কোনো সুফল নোপোৱাত কিছু হতাশ হৈছিল প্ৰকাশ।