অসম

মিঠুৰাজৰ হাতৰ পৰশত শুকান নাৰিকলতো প্ৰাণ পালে ৰূপকোঁৱৰে…

আজি শিল্পী দিৱস!

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱাালাৰ মৃত্যু দিনটো পালন কৰা হয় শিল্পী দিৱস হিচাপে।

এই শিল্পী দিৱসৰ সংগতি ৰাখি এটা শুকান নাৰিকলত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকনে কৰিছে এজন যুৱকে।

শিল্পী দিৱসত মহান শিল্পী গৰাকীলৈ ব্যতিক্ৰমী ভাৱে শ্ৰদ্ধাঞ্জলি জনাই লখিমপুৰৰ বিহপুৰীয়াৰ এজন যুৱকে।

শিল্পী দিৱসৰ দিনা পুৱাই হাতত ৰং তুলিকা লৈ এই ব্যতিক্ৰমী প্ৰয়াস মিঠুৰাজ বৰা নামৰ যুৱক জনৰ৷

উল্লেখযোগ্য যে, পূৰ্বেও বিভিন্ন মাধ্যমত ছবি আকিঁ মিঠুৰাজে মহান ব্যক্তি সকললৈ শ্ৰদ্ধা জনাই আহিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *