অসম

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ! ৩২ টাকৈ গৰু জব্দ, আটক ৩ জন…

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।

যিমানেই আৰক্ষী প্ৰশাসনে অবৈধ গৰু সৰবৰাহৰ ওপৰত তৎপৰ অভিযান চলাই আছে সিমানেই সৰবৰাহকাৰীয়ে গৰু সৰবৰাহ ক্ষেত্ৰত লৈছে নতুন কৌশল।

সোমবাৰে পুৱতি নিশা টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত নাথৰ তৎপৰতাত এখন ১৪ চকীয়া গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰে।

ট্ৰাকখনৰ পৰা ৩২টাকৈ নথি-পত্ৰ বিহীন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

৩২ টাকৈ নথি-পত্ৰ বিহীন গৰু টীয়কৰ কাকজানৰ পৰা ছয়গাঁৱৰ বকোলৈ সৰবৰাহ কৰিবলৈ লোৱা হৈছিল।

ট্ৰাক খনৰ চালক, হেণ্ডিমেন সহ মুঠ তিনিজনক আটক কৰিছে লাহদৈগড় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *