বাধ্যতামূলক নহয় ক’ভিডৰ ভেকচিন! উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

নিউজ ডেস্ক। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে-ঘৰে গৈ বিভিন্নজনক তেওঁলােকৰ ইচ্ছাৰ বিপৰীতে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰধান কৰিছে।

ইতিমধ্যে এনে বহু ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ইয়াৰ লগতে অসম চৰকাৰৰ তথা দেশৰ অন্য কেবাখনাে ৰাজ্যৰ চৰকাৰেও ক’ভিড-১৯ৰ ভেকচিন নােলােৱা লােকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা ঘােষণা কৰিছে।

অসম চৰকাৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেনে লােকৰ ওপৰত জৰিমনা বিহাৰ কথাও ঘােষণা কৰিছে।

তেনে সময়তে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাই চৰকাৰৰ এনে ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে কোভিড প্ৰতিষেধক লােৱাটাে বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব।

শপতনামাত চৰকাৰ উল্লেখ কৰিছে, “সাম্প্ৰতিক মহামাৰী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আগ্ৰহৰ বাবে কোভিড-১৯ টিকাকৰণ কৰা হৈছে। ইয়াৰ বাবে বিজ্ঞাপন পৰামৰ্শ দিয়া হয় আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে সকলো নাগৰিকে টিকাকৰণ কৰা উচিত বুলি প্ৰচাৰ কৰা হৈছে। অৱশ্যে, কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি,”।

উল্লেখ্য যে প্ৰতিবন্ধী ব্যক্তিসকলৰ ঘৰে ঘৰে টিকাকৰণৰ বাবে ৰাজহুৱা স্বাৰ্থৰ আবেদন (পিআইএল)ৰ উত্তৰত কেন্দ্ৰই দাখিল কৰা শপতনামাত কোৱা হৈছে।

Leave a Comment