fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৪ এপ্ৰিল, বৃহস্পতিবাৰ

মেষ ৰাশি- অত্যাধিক খং পৰিহাৰ কৰি চলক। স্বাস্থ্যৰ যতন লওক। বেয়া পৰিস্থিতিৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। বিনিয়োগত অত্যন্ত সাৱধান হোৱাৰ দৰকাৰ। আজি আপোনাৰ ওপৰত পাৰিবাৰিক দ্বায়িত্ব বৃদ্ধি পাব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। দূৰ ভ্ৰমণ আজি এৰাই চলক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত থকা বাধাবোৰ আঁতৰ কৰিবলৈ সক্ষম হব। আনৰ প্ৰতি সহানুভূতিশীল হওক। আপুনি আজি আনক কৰা সহায়ে ভৱিষত্যলৈ আপোনাৰ বাবেও সহায়ৰ কাৰণ হব। আৰ্থিক দিশত কিছু সমস্যা থাকিব পাৰে। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব।

মিথুন ৰাশি- আপুনি বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগা হব পাৰে। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে অতি সাৱধানতাৰে সকলো দিশ বিচাৰ কৰক। কঠিন পৰিস্থিতিত ধৈৰ্য ধৰিবলৈ যত্ন কৰক। ব্যৱসায়ত লাভ বৃদ্ধি হব। ঘৰলৈ অহা অতিথিৰ বাবে আজি কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হব। বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- অজ্ঞাত শত্ৰুৰ পৰা আজি আপুনি সাৱধানে থকা ভাল। উপাৰ্জন বৃদ্ধি হব যদিও অধিক ব্যয়ৰ বাবে বিত্তীয় সমস্যাৰ সন্মুখীন হবলগীয়া হ’ব পাৰে। আজি আপুনি গ্ৰহণ কৰা এটা সিদ্ধান্ত ভুল প্ৰমাণিত হোৱাত আপুনি হতাশাত ভুগিব পাৰে। শিল্পকৰ্মৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব।

সিংহ ৰাশি- গহনা আৰু প্ৰাচীন বস্তুত বিনিয়োগ লাভজনক হৈ থাকিব আৰু সমৃদ্ধি আনিব। বিদেশত বাস কৰা এজন আত্মীয়ৰ পৰা এটা উপহাৰে আপোনাক সুখী কৰিব পাৰে। আনক সুখ দি আৰু অতীতৰ ভুলবোৰ পাহৰি আপুনি জীৱনটো সাৰ্থক কৰি তুলিব। আজি আপোনাৰ শৈল্পিক আৰু সৃজনশীল সামৰ্থ্যক যথেষ্ট প্ৰশংসা কৰা হ’ব আৰু ইয়াৰ পৰা আকস্মিক লাভালাভৰ সম্ভাৱনা আছে।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ দিন হ’ব। আজি আপোনাৰ আচৰণ নমনীয় ৰাখক আৰু আনে কি কয় বুজিবলৈ চেষ্টা কৰক। ই কেৱল ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব। আজি, চতুৰতাৰ বাবে, আপুনি কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা সন্মান লাভ কৰিব পাৰে। আপোনাৰ পদোন্নতিও থাকিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- অবিবাহিত সকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। উপাৰ্জন বৃদ্ধিৰ সমান্তৰালভাৱে ঘৰুৱা ব্যয় আজি বৃদ্ধি পাব। ব্যৱসায়ী সকলে আজি ব্যৱসায়ত কিছু মনোযোগ দিয়ক। পত্নীৰ স্বাস্থ্যৰ যতন লওক।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বহুতো কাম সময়মতে সম্পূৰ্ণ হ’ব। আজিৰ দিনটো নতুন কিবা এটা চেষ্টা কৰাৰ বাবে এটা ভাল দিন। চাপৰ সমাপ্তিয়ে আপোনাৰ কামৰ গতি বৃদ্ধি কৰিব। বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত সহোদৰ আৰু বন্ধুৰ সমৰ্থন লাভ কৰিব। পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব। চাকৰিয়ালসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে।

ধনু ৰাশি- শিশুৱে ক্ৰীড়া আৰু অন্যান্য বাহিৰৰ কাৰ্যকলাপত অধিক সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ পৰাজয়ৰ পৰা কিছু শিক্ষা ল’ব লাগিব। মনৰ কথা আনৰ আগত খুলি ক’লে বিপদত পৰাৰ সম্ভাৱনাই অধিক। যিকোনো ধৰণৰ অংশীদাৰীত্বত প্ৰৱেশ কৰাৰ আগতে ইয়াৰ বিষয়ে ভালদৰে বিচাৰ কৰক। স্বাস্থ্যৰ প্ৰতি যতন লওক। আৰ্থিক কাৰণত ভাতৃ বা ভগ্নীৰ সৈতে সংঘাত হব পাৰে।

মকৰ ৰাশি- পত্নীৰ সৈতে সাধাৰণ ভুল বুজাবুজি হব পাৰে, যাৰ বাবে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। অৱশ্যে আপোনাৰ অলপ যোগাত্মক প্ৰচেষ্টাই দুয়োৰে মাজৰ মতানৈক্য দূৰ কৰিব পাৰে। সন্ধিয়ালৈ এজন বন্ধুৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত লাভৰ যোগ আছে। নতুন বিনিয়োগৰ বিষয়ে চিন্তা চৰ্চা কৰিব পাৰে। চাকৰিয়ালসকলে আজি ভ্ৰমণ কৰিবলগা হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- নিয়োজিত আৰু ব্যৱসায়িক লোকসকলে তেওঁলোকৰ কামত সন্তুষ্ট হ’ব পাৰে। জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও আলোচনা হোৱাৰ সম্ভাৱনা আছে। আপুনি কাৰোবাক সহায় কৰাৰ সুযোগ পাব পাৰে। শত্ৰুক দমন কৰিব পাৰিব। পৰিয়ালত সদ্ভাৱ বৃদ্ধিৰ লগে লগে আজি আপুনি এক গুৰু দায়িত্ব পালন কৰিবলগা হ’ব পাৰে। বস্ত্ৰ আদিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। পিতৃৰ পৰা আৰ্থিক সমৰ্থন লাভ কৰিব।

মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানভৰা দিন হব। একাগ্ৰতা আৰু আত্মবিশ্বাসেৰে কৰিলে আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হোৱা ভাল। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। অৱশ্যে ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ নাৰাখিলে আজি আপোনাৰ জমাপুঞ্জী হ্ৰাস হব পাৰে। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ পৰা আৰ্থিক সহায় লাভ কৰিব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!