মােৰ হাতত পইচা আছে, সকলােকে সাহায্য দিম, অভাৱ হ’লে কেন্দ্ৰীয় গৃহমন্ত্ৰীক জনামঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

নিউজ ডেস্কঃ বান সাহায্য দিবলৈ টকাৰ অভাৱ ঘটা নাই অসম চৰকাৰৰ! সেইবাবেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে বিচৰা নাই টকা।

এনে কথাই ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এইবাৰ পূৰ্বে বান সাহায্য লাভ নকৰা লোককো সাহায্য প্ৰদান কৰা হৈছে। যি সকলক বান সাহায্য দিবলৈ বাকী আছে, তেওঁলোককো ১৫ তাৰিখৰ ভিতৰত প্ৰদান কৰা হ’ব সাহায্য।

বান সাহায্য দিবলৈ এতিয়াও চৰকাৰৰ হাতত টকা আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যেতিয়া টকাৰ অভাৱ হ’ব তেতিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জনাব। কেন্দ্ৰীয় চৰকাৰেও তেতিয়াই লগে লগে টকা দিব বুলিও দৃঢ় বিশ্বাসেৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও শাম কটা নাই বানৰ বিভীষিকা। কেইবা লাখ মানুহ এতিয়াও আশ্ৰয় শিৱিৰত বাহৰ পাতি এমুঠি ভাত, এটুকুৰা কাপোৰৰ বাবে হাহাকাৰ কৰি আছে।

এনে সময়ত ৰাজ্য চৰকাৰে বান সাহায্য প্ৰদান কৰিছে যদিও সেই সাহায্য এটা পৰিয়াল চলাৰ বাবে পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন হৈছে।