’মামা’ক লৈ লিখা গ্ৰন্থ মুকলি কৰি উৎফুল্লিত ‘ভাগিন’!

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী হােৱাৰ পূৰ্বৰ পৰাই ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজত ’মামা’ হিচাপে পৰিচিত ডঃ হিমন্ত বিশ্ব শৰ্মা।

বিগত বছৰৰ ১৮ ফেব্ৰুৱাৰীত মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন জনসভালৈ আহোতে হঠাৎ ‘মামা’, ‘মামা’ বুলি এজাক কিশোৰে চিঞৰি উঠিছিল।

এই দৃশ্য প্ৰত্যক্ষ কৰি তেওঁ লগে লগে এই কিশোৰসকলক ওচৰলৈ মাতি আনি অন্তংগতাৰে কথা পাতিছিল।

তাৰ পিছত অতি কম দিনৰ ভিতৰতে ‘মামা-ভাগিন’ৰ এই সম্পৰ্ক প্ৰগাঢ় হৈ পৰিছিল।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত ডঃ শৰ্মাই মাজুলীলৈ আহি আৱৰ্ত ভৱনত এই কিশোৰসকলৰ সৈতে একেলগতে আহাৰো গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে মুহূৰ্তৰ ফটােৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

মাজুলীৰ এইসকল কিশোৰেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন পৰিক্ৰমা সম্পৰ্কীয় এখন গ্ৰন্থ উন্মােচন কৰে।

Students-Five-Bhagin-releasing-a-Book-title-Dr-Himanta-Biswa-Sarma-hoihabor-pora-Chief-Minister-Loi-

সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শৈশৱৰপৰা মুখ্যমন্ত্ৰী হোৱালৈ এই দীঘলীয়া সময়ছোৱাৰ বিভিন্ন দিশ সামৰি লিখি উলিওৱা কিতাপখন মাজুলীৰ শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত উন্মােচন কৰা হয়।

অধ্যক্ষ অসীম হাজৰিকা আৰু শিক্ষকবৃন্দৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতত কিতাপখন উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ ‘ভাগিন’ হিচাপে পৰিচিত বিকাশ দত্ত. চম্পক বৰুৱা, পবিত্ৰ দত্ত, কৌশিক শইকীয়া আৰু জ্ঞ্যনজ্যোতি শইকীয়াই।

FIZu-HGm-VIRg9lsj

মুখ্যমন্ত্ৰীৰ বিষয়ে লিখা কিতাপখন পাই তথা কিতাপখনত নিজৰ ফটো দেখা পাই আনন্দত আত্মহাৰা হৈ পৰে ছাত্ৰকেইজন।

উল্লেখ্য যে প্ৰায় ৪১৫ পৃষ্ঠাৰ কিতাপখন অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰ ই প্ৰকাশ কৰি উলিয়াইছে।

বিদ্যালয়খনৰ অধ্যক্ষ অসীম হাজৰিকাই কিতাপখনৰ লেখকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী জীৱন পৰিক্ৰমা বিষয়ক কিতাপখন আদৰি ল’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

Leave a Comment