কিদৰে প্ৰস্তুতি চলাইছিল UPSCৰ CAPF পৰীক্ষাত জিলিকি উঠা তেজপুৰৰ দুহিতা নেহা বৰাই?

কঠোৰ অধ্যাৱসায়, পৰিশ্ৰম আৰু একাগ্ৰতাই মসৃণ কৰে সফলতাৰ বাট।

ভাৰতীয় লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা ‘চেণ্ট্ৰেল আৰ্মড পুলিচ ফৰ্চ’ (CAPF)ৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ এই কথাই প্ৰমাণ কৰি দেখুৱালে অসম মাতৃৰ দুই সুযোগ্য সন্তান নেহা বৰা আৰু ৰাহুল ৰয়ে।

তেজপুৰৰ নিবাসী নেহা বৰাই CAPF পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৭ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে বজালীৰ নিবাসী ৰাহুল ৰয়ে ১৭৭ সংখ্যক স্থান লাভ কৰি সফলতাৰে উত্তীৰ্ণ হয়।

2

কিন্তু এই সফলতা লাভ কৰিবলৈ কেনেদৰে প্ৰস্তুতি চলাইছিল নেহা বৰাই? ৰাজ্যৰ এটা আগশাৰীৰ সংবাদ মাধ্যমৰ সৈতে দিল্লীৰ পৰা আছুতীয়াকৈ কথা পাতি নিজৰ লক্ষ্য, পৰিশ্ৰম আৰু সফলতাৰ আঁৰৰ কাহিনী ক’লে তেজপুৰৰ দুহিতাই।

উল্লেখ্য যে, নেহাৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে অসামৰিক বাহিনীৰ কৰ্মৰত আছিল। দীৰ্ঘকাল কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চত থাকি দেশ মাতৃৰ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে পিতৃয়ে। মাতৃ বৰ্তমানো CRPF ত ডেপুটি কমাণ্ডেন্ট হিচাপে সেৱা আগবঢ়াই আছে।

g5

পিতৃ-মাতৃৰ পৰাই অনুপ্ৰাণিত হৈ সশস্ত্ৰ বাহিনীত যোগ দিয়াৰ সপোন দেখিছিল নেহাইও। দিল্লীৰ ৰাজেন্দ্ৰ নগৰত থাকি তেওঁ চিভিল চাৰ্ভিছৰ লগতে CAPF ৰ বাবেও প্ৰস্তুতি চলায়।

যোৱা ৫ বছৰ ধৰি নেহাই CAPFৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়, কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তাৰ পিছতো প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ফিজিকেল ফিটনেছ টেষ্টত তেওঁ বিফল হয়।

কিন্তু ব্যৰ্থতাৰ পিছতো মনোবল নেহেৰুৱাই দুগুণ উৎসাহেৰে পুনৰ প্ৰস্তুতি আৰম্ভ কৰে।

নেহাই কয়, “CAPFৰ বাবে ফিজিকেল ফিটনেছ অতি জৰুৰী। সেয়ে প্ৰথমবাৰ বিফল হোৱাৰ পিছত মই ফিজিকেল ফিটনেছত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰোঁ। লং জাম্প, হাই জাম্প, দৌৰৰ অভ্যাসৰ লগতে নিতৌ শাৰীৰিক কছৰত কৰোঁ।”

নেহাৰ এই কঠোৰ পৰিশ্ৰম আৰু মনোবলে অৱশেষত তেওঁক সফলতাৰ শিখৰত উপনীত কৰায়। ২০২১ৰ ভাৰতীয় লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত চেণ্ট্ৰেল আৰ্মড পুলিচ ফ’ৰ্চৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসমৰ নাম উজ্বলাই তোলে নেহাই।

নেহাৰ এই সফলতা নিশ্চিতভাৱে অনেক জনৰ বাবে প্ৰেৰণাৰ বিষয়।

Leave a Comment