টঙীঘৰত খেলি থাকোতেই লাগিল জুই! অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ৩ শিশুৰ

শুকুৰবাৰে পুৱাই এক শোকাবহ ঘটনাই জোকাৰি গ’ল ডিব্ৰুগড় জিলাৰ মৰাণক।

পুৱা মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ১২ নম্বৰ লাইনত ভয়ঙ্কৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনিটিকৈ নিষ্পাপ শিশুৱে।

275145-copy

জানিব পৰা মতে, বাগিচা খনৰ পথাৰৰ টঙীঘৰত খেলি থকাৰ সময়তে ধানৰ খেৰত জুই লাগি সংঘটিত হয় অগ্নিকাণ্ড। যাৰ ফলত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া শিশু তিনিটিয়ে।

5

মৃত্যু ঘটা শিশু কেইটিৰ দুজনক বিভান মুণ্ডা, অনুদ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে যদিও আনটো শিশুৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে মৃত বিভান মুণ্ডাৰ বয়স আছিল মাত্ৰ দুবছৰ। আনহাতে অনুদ মুণ্ডা আছিল ৫ বছৰীয়া।

95

ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ শিশু কেইটিৰ মৃতদেহ উদ্ধাৰ কৰিছে। ৪ শিশুৰ কৰুণ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে এক শোকাকূল পৰিৱেশৰ।

আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন নিহত শিশু কেইটিৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃ আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

লগতে চাওকঃ

’মামা’ক লৈ লিখা গ্ৰন্থ মুকলি কৰি উৎফুল্লিত ‘ভাগিন’!

চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ

Leave a Comment