অসম

পিয়াঁজৰ দাম কমিছে, আলুৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওকঃ বিধায়ক অতুল বৰা…

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক।

পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুই লগাইছে বজাৰত।

মূল্যবৃদ্ধিক লৈ শাসক-বিৰোধী সকলোৱে কৰিছে বিভিন্ন মন্তব্য।

এইবাৰ দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই কৰিছে এক আজৱ মন্তব্য।

দেওবাৰে অতুল বৰাই কয় যে সাধাৰণ জনতাই নহয়, মূল্যবৃদ্ধিৰ বাবে জুৰুলা হৈছে তেওঁ নিজেও। তেওঁ লগতে এইটোও পৰামৰ্শ দিয়ে যে যিবোৰ সামগ্ৰীৰ দাম বাঢ়িছে সেইবোৰ খাব নালাগে।

অতুল বৰাই কয়, ‘পিয়াঁজৰ দাম কমিছে, আলুৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওক। আৰু যিটো সামগ্ৰীৰ দাম বাঢ়িছে সেয়া খাব নালাগে।’

একেসময়তে “চৰকাৰী পক্ষত আছোঁ বাবেই সকলো কথা খোলাখুলিকৈ ক’ব নোৱাৰোঁ’ বুলিও অকপটে স্বীকাৰ কৰে বিধায়কগৰাকীয়ে।

ঔষধৰ মূল্যবৃদ্ধিক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক অতুল বৰাই।

তেওঁ কয় যে মানুহে এল’পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম বাঢ়িছে। সেয়ে হোমিঅ’পেথিক দৰৱ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *