অসম

‘মানুহে মিঠাতেল কমকৈ খাব লাগে, দাম বাঢ়িছে বয়ল খাওক’- মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপি নেতাৰ মন্তব্য…

অত্যাৱশ্যকিয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জলা কলা খুৱাইছে সাধাৰণ জনতাক।

প্ৰতিদিনে বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য।

এনে সময়ত মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে একাংশ বিজেপি নেতা-মন্ত্ৰী-বিধায়কে কৰি আহিছে উদ্ভট মন্তব্য।

শেহতীয়াকৈ মিঠাতেলৰ দামক লৈ দুই এজন নেতা-বিধায়কে ৰাইজক দিছে আচৰিত পৰামৰ্শ।

দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৰাজ্যবাসীক আহ্বান জনাইছে মিঠাতেল কমকৈ খাবলৈ।

সাংবাদিকৰ আগত অতুল বৰাই কয়, ‘মানুহে মিঠাতেল কমকৈ খাব লাগে, মই বয়ল আহাৰ খাওঁ।’

শাসকীয় বিধায়ক হোৱা বাবেই তেওঁ মূল্যবৃদ্ধি প্ৰসংগত একো কব নোৱাৰে বুলি স্বীকাৰ কৰি ৰাজ্যবাসীক বয়ল আহাৰ খাবলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়- ‘অসুস্থ মানুহে মিঠাতেল কমকৈ খাব লাগে।’

লগতে ভবেশ কলিতাই কয়- দীপাৱলীত চাকি এইবাৰ কমকৈ জ্বলাব, কাৰণ মিঠাতেলৰ দাম বাঢ়িছে। আগেয়ে যদি ৫০ গছি জ্বলাইছিল, এইবাৰ ১০ গছি হলেও জ্বলাওক।

উল্লেখ্য যে কিছুমাহ পূৰ্বে পিঁয়াজৰ মূল্যবৃদ্ধি হওতে পিঁয়াজ নিদিয়াকৈ মাংস খাবলৈ পৰামৰ্শ দিছিল বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।

Leave a Reply

Your email address will not be published. Required fields are marked *