অসম

মহানগৰীত পুনৰ চাঞ্চল্য! ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ পুৰুষৰ অৰ্ধগলিত মৃতদেহ…

অপৰাধজনিত ঘটনাৰ অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছে গুৱাহাটী মহানগৰী।

মহানগৰীত এটাৰ পিছত সংঘটিত হৈছে আন এটা অপৰাধজনিত ঘটনা।

ইয়াৰ মাজতে মহানগৰী নুনমাটিৰ চূণচালিৰ ব্ৰহ্মপুৰ পাৰত সোমবাৰে উদ্ধাৰ হৈছে এটি অচিনাক্ত মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।

চূণচালিৰ পাৰৰ ব্ৰহ্মপুত্ৰত সৃষ্টি হোৱা চৰৰ মাজত থকা ঘন জংগলত উদ্ধাৰ হৈছে অৰ্দ্ধগলিত মৃতদেহটো।

ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা লোকে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰি নুনমাটি আৰক্ষী থানা আৰু নদী আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত নুনমাটি আৰক্ষী থানাৰ লোক উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *