অসম

ৰাজ্যত পুনৰ বন্যহস্তীৰ ৰহস্যজনকভাৱে মৃত্যু, তদন্তৰ দাবী ৰাইজৰ…

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত দেওবাৰে পুৱা ৰহস্যজনকভাৱে এজনী হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খেৰণিস্থিত বন বিভাগৰ দক্ষিণ বনাঞ্চলৰ অধীনস্থ বগৰীঘাটত উদ্ধাৰ কৰা হয় মাইকী বনৰীয়া হাতীটোৰ মৃতদেহ।

পুৱা স্থানীয় ৰাইজে কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যোৱাৰ সময়তে কুঁহিয়াৰবাৰীৰ মাজত হাতীজনীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

স্থানীয় ৰাইজে লগতে বন বিভাগক এই সন্দর্ভত অৱগত কৰাৰ পিছতে বন বিভাগৰ লোক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰে।

অৱশ্যে, হাতীজনীৰ এনে অস্বাভাৱিক মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও খাদ্যত বিষক্ৰিয়াৰ ফলত হাতীজনীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে।

উল্লেখ্য যে, এলেকাটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে নিতৌ উপদ্ৰৱ চলাই কৃষকৰ উৎপাদিত খাদ্য শস্য খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলাই আহিছে।

বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে।

হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ কোনো লোকে বিষাক্ত দ্ৰব্য মিলাই থোৱা খাদ্য গ্ৰহণ কৰাৰ বাবে হাতীজনীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

হাতীজনীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *