ভয়ংকৰ দুৰ্ঘটনা! পথৰ কাষত ৰখাই থোৱা ট্ৰেইলৰত প্ৰচণ্ড খুন্দা খেৰভৰ্তি মিনি ট্ৰাকৰ, গুৰুতৰভাৱে আহত ৩

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পথৰ কাষত ৰখাই থোৱা ট্ৰেইলৰত প্ৰচণ্ড খুন্দা খেৰভৰ্তি মিনি ট্ৰাকৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ লোক।

গহপুৰৰ ৰাঙলীয়ালৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।

আহত লোক তিনিজনৰ ভিতৰত এজনৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এ এছ ০১ চি চি ৮১৩৭ নম্বৰৰ বেয়া হৈ থকা ট্ৰেইলাৰ ট্ৰাকখনৰ পিছফালে খুন্দিয়াইছিল মিনি ট্ৰাকখনে।

মিনি ট্ৰাকখনত আৰোহী হিচাপে অহা তিনি জনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকট জনক।

আহত আটাইকেইজন লোককে গহপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে কোনো সাংকেতিক চিহ্ন নোহোৱাকৈ পথৰ ওপৰত ট্ৰেইলাৰখন ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিব দিয়ে।