মাত্ৰ ৭ বছৰ শাসনত থাকিয়েই বিজেপিয়ে ক’ত পালে এনে প্ৰাসাদোপম কাৰ্যালয় নিৰ্মাণৰ ধন? প্ৰশ্ন অখিল গগৈৰ…

নিউজ ডেস্কঃ আজি উদ্বোধন হ’ল ৰাজ্যিক বিজেপিৰ সুবিশাল প্ৰাসাদোপম কাৰ্যালয়।

দেশত মূল্যবৃদ্ধিৰ মহঙা দিনত প্ৰায় ৩৫ কোটি টকা ব্যয়ৰে ৰাজ্যিক বিজেপিয়ে সুবিশাল কাৰ্যালয় নিৰ্মাণ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিৰোধী আৰু সাধাৰণ জনতাৰ মাজত।

যি সময়ত এসাজ ভাতৰ বাবেও মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়ত বিজেপিয়ে ৰাজ প্ৰসাদ সদৃশ এনে সুবিশাল কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ইমান কোটি টকা ক’ত পালে বুলিও প্ৰশ্ন কৰিছে অনেকে।

অসমত ১৫ বছৰ একেৰাহে শাসনত থাকিও কংগ্ৰেছৰ বাবে সম্ভন নোহোৱা এনে অত্যাধুনিক কাৰ্যালয় বিজেপিয়ে মাত্ৰ চাৰে ছয় বছৰৰ কাৰ্যকালতে কেনেদৰে নিৰ্মাণ কৰিলে বুলিও উত্থাপন হৈছে প্ৰশ্নৰ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও উত্থাপন কৰিছে একেখিনি প্ৰশ্নই।

সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে যি সময়ত লকডাউনে লাখ লাখ লোকক সংস্থাপনহীন কৰিলে, যি সময়ত নিবনুৱা সমস্যা ভংয়কৰ হাৰত বৃদ্ধি পাইছে, সেই সময়ত বিজেপিয়ে পঞ্চ তাৰকা সদৃশ কাৰ্যালয় উদ্বোধন কৰাটো তাৎপৰ্যপূৰ্ণ।

অখিল গগৈয়ে কয় যে বিগত কেইদিনমানৰ ভিতৰত গুৱাহাটীত বিজেপি-আৰএছএছে ৪টাকৈ সুবিশাল কাৰ্যালয় উদ্বোধন কৰিছে।

৮ অক্টোবৰত বিজেপিয়ে ৩৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৪০ খন বলেৰ’ আৰু ৮ খন স্কৰপিঅ’ গাড়ী বিতৰণৰ বাবে আনিছে।

মাত্ৰ ৭ বছৰ শাসনত থাকিয়েই বিজেপিয়ে কিদৰে এনেদৰে প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰশ্নৰ অৱতাৰণা কৰি বিধায়ক অখিল গগৈয়ে কয় যে এই প্ৰশ্ন এতিয়া অসমৰ ৰাইজৰ মনতো উদয় হৈছে।