কবি-সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতা! বৃদ্ধাৱাস নিৰ্মাণৰ বাবে আগবঢ়ালে এবিঘা ভূমি…

নিউজ ডেস্কঃ ৰাজ্যৰ বিশিষ্ট কবি, সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতাই এতিয়া আশ্ৰয় প্ৰদান কৰিবলৈ সক্ষম হ’ব পুত্ৰ-বোৱাৰী, পৰিয়ালৰ পৰা এলাগী হৈ জীৱনৰ ভাটিবেলাত উপস্থিত হোৱা অনেক বৃদ্ধ-বৃদ্ধাক।

পশ্চিম গুৱাহাটীৰ ৰাণীত প্ৰথমটো বৃদ্ধাৱাস নিৰ্মাণৰ বাবে এবিঘা ভূমি দান কৰি মহানুভৱতাৰ পৰিচয় দিছে অসমীয়া সাহিত্য জগতৰ এটা চিনাকী নাম তথা কৃতী শিক্ষক চবিন চন্দ্ৰ নাথে।

জানিব পৰা মতে, ৰাণীৰ অসম-মেঘালয় সীমান্তৰ পুৰাণ শুকুৰবৰীয়াৰ নিৱাসী তথা মেকুৰীকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চবিন চন্দ্ৰ নাথে অলপতে ক্ৰয় কৰা তেওঁৰ ঘৰৰ ওচৰৰ মৈৰাপুৰ গাঁৱৰ এবিঘা মাটি বৃদ্ধাশ্ৰম নিৰ্মাণৰ বাবে আগবঢ়াইছে।

photo1665219976
কবি-সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতা! বৃদ্ধাৱাস নিৰ্মাণৰ বাবে আগবঢ়ালে এবিঘা ভূমি… 3

পলাশবাৰী ৰাজহ চক্ৰৰ মৈৰাপুৰ গাওঁৰ ৫৮৮, ৫৭২ আৰু ৪২১ নম্বৰ দাগৰ মাটিত নিৰ্মাণ কৰা হব বহু আকাংক্ষিত বৃদ্ধাবাসটো।

আনহাতে বৃদ্ধাবাসটো নিৰ্মাণ কৰাৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম কবি সাহিত্য চক্ৰ আৰু কলঙৰ পাৰত সাহিত্য সাংস্কৃতিক সমন্বয় মঞ্চ, অসম।

উল্লেখযোগ্য যে, মঞ্চৰ মুখ্য প্ৰশাসকৰো দায়িত্বত আছে চবিন চন্দ্ৰ নাথ।

মঞ্চৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ প্ৰশাসনিক বিষয়া ধনেশ্বৰ মালাকাৰ , সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ, প্ৰধান সম্পাদক বিতুমণি গোস্বামী, কৰ্মকর্তা ক্ৰমে ডঃ প্ৰশান্ত গোস্বামী, প্ৰণীতা গোস্বামী, মামণি পাটোৱাৰীয়ে ৭ অক্টোবৰত ৰাণীৰ মৈৰাপুৰত চবিন চন্দ্ৰ নাথে দান দিয়া মাটিত তেওঁক লগত লৈ নিৰ্মাণ হবলগীয়া প্ৰস্তাৱিত স্থানখিনী পৰিদৰ্শন কৰে।

photo1665219983
কবি-সাহিত্যিক চবিন চন্দ্ৰ নাথৰ মহানুভৱতা! বৃদ্ধাৱাস নিৰ্মাণৰ বাবে আগবঢ়ালে এবিঘা ভূমি… 4

ইয়াৰ পূৰ্বে দলটোৱে চবিন চন্দ্ৰ নাথ আৰু তেওঁৰ ককায়েক দীনেশ নাথক নিজ বাসগৃহত বিপুল ভাবে সম্বৰ্ধনা জনায়।

ইতিমধ্যে মঞ্চ আৰু সাহিত্য চক্ৰই অহা কেইদিনত যুটীয়াভাবে এটা ন্যাস গঠন কৰি যাবতীয় আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছতে বৃদ্ধাবাস নিৰ্মাণৰ কাম আৰম্ভ কৰিব।

বৃদ্ধাৱাস নিৰ্মাণৰ বাবে ভূমি দান কৰা চবিন চন্দ্ৰ নাথক ন্যাসৰক্ষী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

পূৰ্বেও ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ দৰে অনেক সমাজ হৈতষী কাম কৰি অহা কবি-সাহিত্যিক চবিন চন্দ্ৰ নাথে বৃদ্ধাৱাস নিৰ্মাণৰ বাবে ভূমি দান কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে প্ৰশংসাৰে তেওঁক উপচাই পেলাইছে বিভিন্ন জনে।