মাজ আকাশত অসন্তুলিত হৈ পৰিল যাত্ৰীবাহী বিমান, আহত ৪০ জন যাত্ৰী

নিউজ ডেস্কঃ অৱতৰণৰ সময়তে যাত্ৰীবাহী বিমান পৰিল টাৰ্বুলেন্সৰ কবলত। যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে দুকুৰিৰো অধিক বিমান যাত্ৰীৰ।

এই ঘটনা সংঘটিত হৈছে স্পাইচজেটৰ এখন যাত্ৰীবাহী বিমানত। দেওবাৰে মুম্বাইৰ পৰা পশ্চিম বংগৰ দুৰ্গাপুৰলৈ উৰা মাৰিছিল স্পাইচজেটৰ বোয়িং বি৭৩৭ বিমানখনে।

কিন্তু দুৰ্গাপুৰত অৱতৰণৰ সময়তে বিমানখনে টাৰ্বুলেন্সৰ কবলত পৰে আৰু মধ্য আকাশত কিছু সময়ৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায় পেলায়।

অৱশ্যে ক্ষন্তেক পিছতে পাইলটে বিমানখন নিয়ন্ত্ৰণ কৰি দূৰ্গাপুৰত জৰুৰী অৱতৰণ কৰোৱায়।

আনহাতে মাজ আকাশত অসন্তুলিত হৈ পৰাৰ ফলত বিমানৰ কেবিনৰ ভিতৰত কথা সা-সামগ্ৰীসূহ ইফালে সিফালে বাগৰি পৰাত বিমানখনৰ ৪০ জন যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

আহত সকলৰ ১২ জনৰ অৱস্থা কিছু গুৰুতৰ বুলি জানিব পৰা গৈছে।

স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই জানিব পৰা মতে, বিমানখন দুৰ্গাপুুৰত জৰুৰী অৱতৰণ কৰাৰ পিছতে আহত সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় প্ৰয়োজনুসাৰে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

Leave a Comment