অসমঅসমীয়া

কোনো কাৰণতে অসমীয়া সংস্কৃতি ধ্বংস হ’বলৈ নিদিওঃ বোকা খেলক লৈ এইবাৰ সকিয়নী DSP নৱ কুমাৰ বৰাৰ

নিউজ ডেস্কঃ ৰাজ্যত শেহতীয়াকৈ ট্ৰেণ্ডিঙত আছে বিহুৰ সাংস্কৃতিক অনুষ্ঠানত বোকা ডান্স। বিশেষকৈ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বোকা নৃত্যই যথেষ্ট চৰ্চা লাভ কৰিছে।

সংগীতৰ অনুষ্ঠান কৰিবলৈ যোৱা বহু যুৱকে বোকাত লুতুৰি পুতুৰি হৈ অনুষ্ঠান উপভোগ কৰিছে। এই বোকা নৃত্য নাচিবলৈ গৈ বহুতেই আকৌ নষ্ট কৰিছে দামী মোবাইল ফোন, টকাৰ নোট। হেৰুৱাইছে বাইকখনো।

আনহাতে মঞ্চৰ পৰাই কৈছে জুবিনে- ‘বোকা ডান্স বেয়া নহয় বাৰু। চালৰ কাৰণে ভাল… ময়ো নাচিম।’

বিহুৰ সাংস্কৃতিক অনুষ্ঠানত এই নতুন নৃত্যক লৈ পিছে সৰৱ হৈ পৰিছে ডিএছপি নৱ কুমাৰ বৰাই। বোকা নৃত্য কৰা সকলক সকিয়নী দি ডিএছপি গৰাকীয়ে কয়- ‘অসমীয়া সংস্কৃতি ধ্বংস হবলৈ নিদিও।’

সাংবাদিকৰে বাৰ্তালাপ কৰাৰ মুহূৰ্তত ডিএছপি নৱ কুমাৰ বৰাই কয়, ‘কোনো কাৰণে বোকা খেল হ’বলৈ নিদিও। সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব আৰক্ষীৰো আছে। যি সাতামপুৰুষীয়া বিহু সংস্কৃতিৰ বাবে আমাক বিশ্ব দৰবাৰে চিনি পায়, সেই সংস্কৃতি ধ্বংস হ’বলৈ নিদিও।’

Leave a Reply

Your email address will not be published. Required fields are marked *