ৰাষ্ট্ৰীয়অসমীয়া

মহাৰাষ্ট্ৰত শ্ৰীশঙ্কৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মাটি-পানীৰ পৰা দূৰৈত থাকিও শিপা পাহৰি নোযোৱা একাংশ প্ৰবাসী অসমীয়াৰ প্ৰচেষ্টাত মহাৰাষ্ট্ৰত নিৰ্মাণ হব জগতগুৰু শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰ।

শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ কৰজত অঞ্চলৰ পোছাৰী আৰু টাওৰে গাঁৱত শ্ৰীশঙ্কৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Chief-Minister-Dr-Himanta-Biswa-Sarma-laying-the-foundation-stone-of-Shree-Sankardeva-Namghar-and-So

উল্লেখ্য যে, গাওঁখনৰ নিবাসীৰ উদ্যোগত আৰু মুম্বাইত বাস কৰা প্ৰবাসী অসমীয়া সমাজৰ সহযোগত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে।

আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তেহে বিশ্বৰ বুকুত অসমীয়া সংস্কৃতি গৌৰৱপূৰ্ণভাৱে জিলিকি থাকিব।

Chief-Minister-Dr-Himanta-Biswa-Sarma-laying-the-foundation-stone-of-Shree-Sankardeva-Namghar-and-So

মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্যকে ধৰি সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

আনহাতে এই নামঘৰৰ সমীপতে মা কামাখ্যাৰ এটা মন্দিৰ নিৰ্মানৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *