অসম

অচিৰেই মুকলি হ’ব অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মিত ৰাজ্যৰ দ্বিতীয়টো তাৰকাগৃহ…

অচিৰেই মুকলি হ’ব অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মিত ৰাজ্যৰ দ্বিতীয়টো তাৰকাগৃহ।

শুক্ৰবাৰে নলবাৰী তাৰকাগৃহৰ পৰীক্ষণ মূলক প্ৰদৰ্শনী প্ৰদৰ্শণ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

উল্লেখ্য যে, নলবাৰী জিলাৰ সৰিয়হতলীত নিৰ্মাণ হৈ থকা অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা নলবাৰী তাৰকাগৃহত অসমীয়া ভাষাতেই মহাকাশৰ পৰিঘটনা সমূহ উপভোগ কৰিব পাৰিব।

উপভোগ কৰিব পাৰিব চন্দ্ৰ গ্ৰহন, সূৰ্য গ্ৰহনৰ দৰে মহাজাগতিক ঘটনাবোৰ।

ইতিমধ্যে আমেৰিকাৰ পৰা অনা অত্যাধুনিক প্ৰজেক্টৰৰ সহায়েৰে পৰীক্ষণ মূলক ভাবে প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

অচিৰেই মুখ্যমন্ত্ৰীয়ে নিজ হাতে মুকলি কৰি নলবাৰী তথা নামনি অসমৰ ৰাইজক উপহাৰৰ দিব এই তাৰকাগৃহটো।

Leave a Reply

Your email address will not be published. Required fields are marked *