অৱশেষত জালত পৰিল সমগ্ৰ উত্তৰ-পূবত চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা ৭ দুৰ্ধৰ্ষ চোৰ…

নিউজ ডেস্কঃ এটিএমত চুুুুৰি কাণ্ড সংঘটিত কৰি সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই অহা এটা কুখ্যাত চোৰৰ দলৰ ৭ জন সদস্যক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

শুকুৰবাৰে নিশা বজালী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে গভাইত এটিএম চোৰ কেইটাক।

ধৃত চোৰ কেইটাক ক্ৰমে দুলোপথাৰৰ ছাহাৰ আলী, বাবুল খান, জাকিৰ আলী, ঘগ্ৰাপাৰৰ মনোৱাৰ হুছেইন আৰু তামুলপুৰৰ জুহাছ আলী, ফইজুল হক আৰু শুকুৰ আলী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই চোৰ কেইটাই ৰাজ্যৰ কেইবাটাও স্থানৰ এটিএমত চুৰিকাণ্ড সংঘটিত কৰি লাখ লাখ টকা লুটি লৈ গৈছিল।

ইফালে অৰুণাচল প্ৰদেশৰ এটা বেংকত সংঘটিত ৪৫ লাখ টকাৰ চুৰি কাণ্ডৰ সৈতেও ছাহাৰ আলী নামৰ চোৰটো জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ধৃত চোৰ কেইটাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ।

অন্যহাতে অসমৰ উপৰিও মেঘালয়, অৰুণাচল প্ৰদেশত সংঘটিত একাধিক ডকাইতি কাণ্ডৰ সৈতেও এই চোৰৰ দলটো জড়িত থকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

চোৰৰ দলটোৰ লগতে আৰক্ষীয়ে এটা মোবাইল ফোন আৰু এএছ ০১এফএইচ ৩৭৬৭ নম্বৰৰ এখন বলেৰ’ বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।