শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ বাস্তৱ! জিৰণিৰ বাবে সুযোগ দিয়াৰ আহ্বান পৰিয়ালৰ…

নিউজ ডেস্ক। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যত এখন মৰমলগা মুখে ব্যাপক চৰ্চা লাভ কৰিছে।

সেয়া আন কোনো নহয়, সেইজন হৈছে ধৃতিৰাজ বাস্তৱ কলিতা। যাৰ সৰল কথা বতৰাই সকলোৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল মঙলদৈৰ ধৃতিৰাজ বাস্তৱ কলিতাই।

image 273
শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ বাস্তৱ! জিৰণিৰ বাবে সুযোগ দিয়াৰ আহ্বান পৰিয়ালৰ... 4

ফলাফলৰ পাছতেই ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে ধৃতিৰাজ।

বিভিন্ন সংবাদ মাধ্যমত এটাৰ পিছত এটাকৈ সাক্ষাৎকাৰ দিয়াৰ লগতে বিভিন্ন অনুষ্ঠানত ভাগ লৈছে অমায়িক ধৃতিৰাজে। যাৰ বাবে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ।

জিৰণী নোলোৱাকৈ সাক্ষাৎকাৰ আৰু মন বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি ধৃতিৰাজে দু্ৰ্বল আৰু অসুস্থ হৈ পৰা বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে।

সেয়ে ধৃতিৰাজক অভিনন্দন জনাব বিচৰা দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যমকে ধৰি সকলোকে পুৱা ১০ বজাৰ পাছত উপস্থিত হবলৈ আহ্বান জনায়ইছে পৰিলয়ালৰ লোকে।

172
শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ বাস্তৱ! জিৰণিৰ বাবে সুযোগ দিয়াৰ আহ্বান পৰিয়ালৰ... 5

লগতে সন্ধিয়া ৭ বজাৰ পাছত ধৃতিৰাজত জিৰণিৰ বাবে সুযোগ দিয়াৰ বাবে আহ্বান জনায়।

এই ক্ষেত্ৰত ৰাইজৰ সহায় বিচাৰি পৰিয়ালৰ লোকে সকলোৰে মৰম আৰু আশীৰ্বাদক ধন্যবাদ জনাই।

লগতে চাওকঃ

অসমৰ পৰা গৈ দিল্লীত প্ৰতিষ্ঠিত হোৱা এইমছৰ বিশিষ্ট চিকিৎসক ডাঃ পিংকী মহন্ত নাথৰ বিয়োগ

G2 19
শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ বাস্তৱ! জিৰণিৰ বাবে সুযোগ দিয়াৰ আহ্বান পৰিয়ালৰ... 6