মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

গড়চুক আৰক্ষী থানা আৰু আইএছবিটি আৰক্ষী চকীয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত যুটীয়াভাৱে অভিযান চলাই ISBTৰ পৰা জব্দ কৰে কেইবালাখ টকাৰ নিষিদ্ধ হেৰ’ইন।

মণিপুৰৰ পৰা গুড ট্ৰেভেলছৰ বাছযোগে কৌশলেৰে চিটৰ কাষত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

১০ পেকেট হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক।

সৰবৰাহকাৰী দুজনৰ নামৰেকিব আৰু ইাবুং। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী। 

মণিপুৰৰ পৰা ISBTলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

MN 04P 0844 নম্বৰৰ  GOOD TRAVELS নামৰ বাছযোগে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। বাহনখনো জব্দ কৰে আৰক্ষীয়ে।

Leave a Comment