অসম

দক্ষিণ কামৰূপৰ গৰৈমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান…

গৰুখুটি-লামডিঙৰ পাছত এইবাৰ দক্ষিণ কামৰূপৰ গৰৈমাৰী চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান।

শুকুৰবাৰে পুৱা ৯.৩০ মান বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে।

বিয়লি ১ মান বজালৈ এই উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে।

গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰুপ বিৰকমীয়াৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলিছে৷

কটকটীয়া নিৰাপত্তাৰ মাজেৰে গৰৈমাৰীৰ বজাৰৰ পথৰ দুয়োকাষে অবৈধ ভাবে গঢ়ি তোলা দোকান সমূহ উচ্ছেদ কৰে প্ৰশাসনে।

জেচিবি লগাই ভাঙি দিয়া হয় অবৈধ ভাবে বেদখল কৰা ভূমিত স্থাপন কৰা দোকান সমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *