অসম

চাঞ্চল্যকৰ ঘটনা! চলন্ত ৰে’লত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ…

ৰহাৰ চাপৰমুখত চলন্ত ৰে’লত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পুৱতি নিশা নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

প্ৰায় ৩০ বছৰীয়া যুৱকৰ মৃতদেহটো এইপৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

যুৱকজনৰ মৃতদেহটোৰ পৰা আৰক্ষীয়ে কোনো নথি -পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা ৰঙা বেগ আৰু এযোৰ জোতা।

ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *