অসম

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষয়ত্ৰীয়ে…

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা।

সন্ধিয়াৰ সময়ত হোৱা এই পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষয়ত্ৰীয়ে।

দুৰ্ঘটনাত মৃত্যু উৰ্মিলা দেৱী নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ।

গড়চুক আৰু বৰগাঁৱৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

নিহত শিক্ষয়িত্ৰীগৰাকী AS01EG0149 নম্বৰৰ স্কুটী এখনেৰে স্বামীৰ সৈতে গৈছিল এক্সেল কেয়াৰ হাস্পতাললৈ কোনো এক আত্মীয়ৰ খবৰ ল’বলৈ।

গৈ থাকোঁতে গড়চুক-বৰাগাঁৱৰ মাজত এখন ট্ৰাকে খুন্দিয়ায় তেওঁলোকৰ স্কুটীত। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই শিক্ষয়ত্ৰীগৰাকীয়ে।

image 29

আনহাতে শিক্ষয়ত্ৰী গৰাকীৰ স্বামী গিৰিশ চন্দ্ৰ শৰ্মা এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয়। তেখেতেক ততাতৈয়াকৈ সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

মৃত্যু হোৱা শিক্ষয়ত্ৰী গৰাকী বেলতলা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষয়ত্ৰী আছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *