অসম

মহানগৰীত উদ্ধাৰ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট, দুজনক আটক…

মহানগৰীত উদ্ধাৰ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট।

সোমবাৰে বিয়লে কামাখ্যা ৰে’ল ষ্টেচনত উদ্ধাৰ হয় ৯৬ কাৰ্টন বিদেশী চিগাৰেট।

কামাখ্যা GRPৰ IC বিবুংক্ষা দৈমাৰীৰ নেতৃত্বত চলা অভিযানত দুজন যুৱকৰ পৰা উদ্ধাৰ চিগাৰেটখিনি।

আটকাধীন যুৱক দুজন ক্ৰমে পশ্চিমবংগৰ ৰাজা আৰু চন্দন।

যুৱক দুজনে বিদেশী চিগাৰেটখিনি পশ্চিমবংগলৈ বিক্ৰীৰ বাবে নি থকা অৱস্থাত ধৰা পৰে।

যুৱক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত GRPৰ এটা দলে ফাচীবজাৰৰ কেইবাখনো দোকানত অভিযান চলায়।

উক্ত অভিযানত GRPৰ দলটোৱে বহু পৰিমাণৰ চিগাৰেট জব্দ কৰে।

লগতে আৰক্ষীয়ে আন চাৰিজন লোকক আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *